Lyrics

আকাশৰ তৰা লিখি হেজাৰ সপোন ৰচা আশা আৰু নিৰাশাৰ নদীতে হেৰাই যোৱা জীৱনৰ এই জটিলতাত থমকি ৰওঁ বাৰে বাৰে সপোনেও দিঠকতে ভূমুকিয়ায় চকুলোৰে নালাগে, নাহিবি সোঁৱৰণি মোৰ নুফুৰোঁ আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকোঁ অতীত সাৱটি যাম আজি আগুৱাই পোহৰ ধিয়াই জীৱনৰ পদে-পলে সপোন জীয়াই খোজেপ্ৰতি দেখোন অলেখ উজুটি খালোঁ পোহৰৰ এই বাটতে হতাশা হাততে পালোঁ ক'লা মেঘে আৱৰে সপোনৰ এই বাটচ'ৰা মনফুলনিৰ আশাৰ ফুলপাহি সৰি পৰা নালাগে, নাহিবি সোঁৱৰণি মোৰ নুফুৰোঁ আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকোঁ অতীত সাৱটি যাম আজি আগুৱাই পোহৰ ধিয়াই জীৱনৰ পদে-পলে সপোন জীয়াই দুহাত মেলি পোহৰ সাৱটি নামিল সপোন সোণালী আনিলোঁ সময়ৰ গতিক আঁজুৰি দিগন্তক বিচাৰি নালাগে, নাহিবি সোঁৱৰণি মোৰ নুফুৰোঁ আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকোঁ অতীত সাৱটি যাম আজি আগুৱাই পোহৰ ধিয়াই জীৱনৰ পদে-পলে সপোন জীয়াই
Lyrics powered by www.musixmatch.com
Get up to 2 months free of Apple Music
instagramSharePathic_arrow_out